“অ’ মোৰ ধৰিত্ৰী আই” শীৰ্ষক বাটৰ নাট পৰিবেশন মহানগৰীত

0
বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক বাল ভৱনৰ উদ্যোগত আজি মহানগৰীৰ বিভিন্ন স্থানত বাটৰ নাটৰ শৈলীত মিনাংক ডেকাৰ নেতৃত্বত মুকাভিনয় ” অ’ মোৰ ধৰিত্ৰী আই” পৰিবেশন কৰা হব।
ইতিমধ্যে ১১ বজাৰ নাট খনৰ বাবে দলটো দীপৰ বিলত উপস্থিত হৈছে।
উল্লেখ্য যে যোৱা বছৰো ৫ জুনত বিশ্ব পৰিবেশ দিৱস উপলক্ষে মিনাংক ডেকায়ে এক সুন্দৰ পদক্ষেপ লৈ আগবাঢ়ি অহা দেখা গৈছিল।
‘চৰাইজাক নহা হ’ল’ – প্ৰসংগ উত্থাপন কৰি দিপৰৰ শোচনীয় অৱস্থাৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনীয় বিভাগলৈ এক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে মিনাংক ডেকা।
জানিব পোৱা মতে, “Save Nature, Save Wetlands” বাৰ্তাটো বিদেশলৈ প্ৰচাৰ কৰিবলৈও সক্ষম হৈছে মুকাভিনেতা মিনাংক ডেকাই।

আজি হ’ব লগীয়া বাটৰ নাটখনৰ স্থান সমূহ ক্ৰমে :-
১১.০০ – দীপৰ বিল
১২.০০ – মালিগাঁও
১২.৩০ – দীঘলী পুখুৰী
০১.১৫ – চান্দমাৰী
সকলো ইচ্ছুক লোকে এই নাটখন চাবলৈ উক্ত স্থান সমূহত উপস্থিত থাকিব পাৰে। লগতে বিষয়টোৰ গভীৰতালৈ লক্ষ্য কৰি “Save Nature, Save Wetlands” ক সফল হোৱাত সহায় কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here