১৫ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা

0
মঙ্গলবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত সোমাই যোৱাৰ ফলতে দুর্ঘটনাটো সংঘটিত হয়। বাছখনত প্ৰায় ৬০ জন মান যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাছৰ চালক জনে emergency exit ৰে জঁপিয়াই প্ৰাণ ৰক্ষা কৰে।
বাইহাটা চাৰিআলি আৰক্ষীয়ে লগে লগে ঘটনা স্থলীত উপস্থিতহৈ স্থানীয় ৰাইজৰ সহায়ত বাছৰ ভিতৰৰ পৰা যাত্ৰীসকলক উলিয়াই আনিবলৈ সক্ষম হয়।
আহত প্রায় ২০-২৫ জন লোকক বেজেৰা মেডিকেলত ততাতৈয়াকৈ ভৰ্তি কৰোৱাৰ লগতে আন যাত্ৰীসকলকো প্ৰাথমিক চিকিৎসাৰ বাবে মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰা হয়।
বাছখনৰ নম্বৰ (AS-12-AC-3839)।

LEAVE A REPLY

Please enter your comment!
Please enter your name here