১৯৮৬-২০০৫ লৈকে উত্তীৰ্ণ সকলক ৩০ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ আহ্বান

0
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে আজি অৰ্থাৎ ৯ মে’ত এক জাননীৰ জৰিয়তে জনাই যে ১৯৮৬ চনৰ পৰা ২০০৫ ইং চনৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বহু শিক্ষাৰ্থীয়ে এতিয়ালৈকে প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰা নাই।
সেই উদ্দেশ্যে, তেওঁলোকক নিজ নিজ শিক্ষানুষ্ঠানৰ জৰিয়তে নিৰ্দিষ্ট মাচুল দুশ (২০০) টকা জমা দি অহা ইং ৩০ জুন, ২০১৯ তাৰিখৰ ভিতৰত নিজ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি পূৰণ কৰিবলৈ আহ্বান জনায়।
ইয়াৰ লগতে প্ৰমাণ পত্ৰসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত শিক্ষানুষ্ঠান সমূহলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here