কাঁ চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমৰ পাট-মুগা বস্ত্ৰ শিল্পৰ ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইন

0
Assam’s Sanjukta Debuts At Cannes Film Festival With Gorgeous Ingrinda

অসমৰ পাট আৰু মুগা কাপোৰৰ ন-ন ডিজাইন বিশ্ব দৰবাৰত চিনাকি কৰাই অহা অসমীয়া ডিজাইনৰ সংযুক্তা দত্তয়ে পোনপ্ৰথমবাৰৰ বাবে কাঁ (Cannes) চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, তেওঁ যোৱা বছৰো এই সুবিধা পাই বিশেষ অসুবিধাৰ বাবে কাঁত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়।

শনিবাৰে, ৭২ তম Cannes চলচ্চিত্ৰ মহোৎসৱত সংযুক্তা দত্তৰ ডিজাইনৰ কাপোৰ পৰিধান কৰে “Top model UK”ৰ বিজয়ী আৰু “Miss Film Festival International” ইনগ্ৰিন্দাই। হাতে বনোৱা ক’লা ৰঙৰ পাটৰ কাপোৰত গুণাৰে জাপি ফুল বচা গাউন পিন্ধি ৰেড কাৰ্পেটত খোজ কাঢ়ে ইনগ্ৰিন্দাই।

এই গাউনটো তৈয়াৰ কৰি সম্পূৰ্ণ ৰূপ উলিয়াওতে প্রায় ২-৩ মাহৰ সময় লাগে ডিজাইনৰ সংযুক্তা দত্তক। অসমৰ পাট বস্ত্ৰ শিল্পক এনেকুৱা এখন মঞ্চত প্ৰদৰ্শন কৰিবলৈ পাই তেওঁ খুবেই সুখী আৰু গৌৰৱ অনুভৱ কৰিছে বুলিও মত প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here