ঘোষনা হ’ল বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন

0
BTC Election Date announced by State Election Commission
ৰাজ্যিক নিৰ্বাচন আয়োগে আজি এক সংবাদ মেলত ঘোষনা কৰিলে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে ঘোষনা কৰে যে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব বিটিচিৰ (BTC) পৰিষদীয় নিৰ্বাচন৷ উল্লেখনীয় যে ২৭ মাৰ্চত ম্যাদ সমাপ্ত হব পাঁচ বছৰীয়া কায্যকালৰ৷
আজি ১১ মাৰ্চত জাৰি কৰা হ’ল পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা৷ ১৮ মাৰ্চৰ ভিতৰত মনোনয়ন দাখিল কৰিব লাগিব প্ৰাৰ্থীয়ে৷ ১৯ মাৰ্চত পুংখানুপুখ নিৰীক্ষণ কৰিব প্ৰাৰ্থীয় মনোনয়ন পত্ৰ আৰু তথ্য৷ প্ৰাৰ্থীয়ে ইচ্ছা কৰিলে ২১ মাৰ্চত আবেলি ৩ বজাৰ আগত কৰিব লাগি প্ৰৰ্থীত্ব প্ৰত্যাহাৰ৷ ২১ মাৰ্চত ৩ বজাৰ পিছত ঘোষণা কৰা হ’ব প্ৰাৰ্থীৰ তালিকা৷ প্ৰয়োজনত ৬ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব পাৰে৷ ৮ এপ্ৰিলত হ’ব ভোট গণনা৷
দহটা উপ শাখা আছে বিটিচি (BTC) নিৰ্বাচনত৷ ৪০ টা সমষ্টিত অনুষ্টিত হব নিৰ্বাচন৷ ৩০৭৭ টা পুলিং ষ্টেচনত হব ভোটদান প্ৰক্ৰিয়া৷ ২৩,৮৬,৩৫৯গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব৷ ইয়াৰে পুৰুষ ভোটাৰ হ’ল ১২,০৯,৪৬৮ আৰু মহিলা ভোটাৰ ১১,৭৬,৮৮৭৷ ৫২১ টা পুলিং ষ্টেচন অতি স্পৰ্শকাতৰ৷ ১০ টা মহকুমাৰ বাবে ১০ জন পয্যবেক্ষক নিয়োগ কৰা হৈছে৷
২৫ ৰ পৰা ৩০ হাজাৰ লোক জড়িত হব এই নিৰ্বাচনত৷ পুৱা ৮ বজাৰ পৰা ৪ বজালৈ হব ভোটদান প্ৰক্ৰিয়া৷  নিৰ্বাচনত প্ৰত্যক  সমষ্টিত এজন প্ৰাৰ্থীয়ে ৭ লাখতকৈ বেছি ধন খৰছ কৰিব নোৱাৰিব৷
প্ৰয়োজনীয় নিৰপত্তা ব্যৱস্থা প্ৰদান কৰাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগত সুৰক্ষা নিশ্চিত কৰাৰ বাবে বৈঠক অনুষ্টিত হৈছে৷ অসমত থকা অৰ্ধ সামৰিক বাহিনীৰ উপৰিও প্ৰয়োজনত কেন্দ্ৰই প্ৰেৰন কৰিব সশস্ত্ৰ বাহিনী৷ অবৈধ অস্ত্ৰৰ ক্ষেত্ৰতো কঠোৰ নিৰ্বাচন আয়োগ৷ প্ৰতিজন আৰক্ষী অধিক্ষকক কঠোৰ হোৱাৰ নিৰ্দেশ৷ অবৈধ অস্ত্ৰ ক্ষেত্ৰত সাধৰন পৰ্যবেক্ষককো কঠোৰ হোৱাৰ নিৰ্দেশ৷
সামাজিক মাধ্যম নিৰীক্ষণৰ বাবে কোনো নিজাববীয়া ব্যবস্থা নাথাকে আয়োগৰ৷ অসম আৰক্ষীৰ পৰাই তথ্য গ্ৰহন কৰি প্ৰয়োজনত ব্যবস্থা কৰিব আয়োগে৷ প্ৰতিটো সদৰ আৰু মহকুমাত একোজনকৈ পয্যবেক্ষক নিযুক্তি৷ ১০ জন অৰ্থনৈতিক পয্যবেক্ষক, ১০ জন আৰক্ষী পয্যবেক্ষক, ১০ জন সাধাৰণ পয্যবেক্ষক থাকিব নিৰ্বাচনত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here