অলিম্পিকত দেশবাসীয়ে আশা কৰা স্বৰ্ণ অৰ্জন কৰাটো সহজ নহয়: মেৰীকম

0
Easy for country to expect Olympic gold difficult to achieve: Mary Kom
মোৰ পৰা দেশবাসীয়ে আগন্তুক অলিম্পকত স্বৰ্ণ জয় কৰাৰ আশা দেখিছে, কিন্তু সেয়া বাস্তৱ ৰূপ দিয়াটো সহজ নহয়। এই মন্তব্য ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ (Mary Kom)।
অলিম্পিকত পদক জয়ী কৰাটো সহজ নহয় যদিও বক্সাৰ গৰাকীয়ে দেশবাসীৰ আশা পূৰ্ণ কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাব বুলি উল্লেখ কৰে।
‘আগন্তুক অলিম্পিকত দেশবাসীয়ে স্বৰ্ণ আশা কৰিছে। ব্যক্তিগতভাৱে, দেশবাসীৰ এনে আশাক লৈ মই গৌৰৱান্বিত। এনেধৰণৰ আশা দেশবাসীৰ বাবে সহজ কিন্তু বাস্তৱত ৰূপ দিয়াটো ইমান সহজ নহয়। দেশবাসীৰ আশা পূৰ্ণ কৰাৰ বাবে মই সম্পূৰ্ণ চেষ্টা কৰিম’। এই মন্তব্য মেৰীকমৰ।
লণ্ডন অলিম্পিকত ব্ৰঞ্জ পদক অৰ্জন কৰা মেৰীয়ে কয় যে তেওঁ এঢাপ এঢাপকৈ আগবাঢ়িব বিচাৰে। এই মূহুৰ্তত অলিম্পিকত যোগ্যতা অৰ্জনেই তেওঁৰ একমাত্ৰ লক্ষ্য। অলিম্পিকত যোগ্যতা অৰ্জনৰ লগে লগে পদকৰ বাবে তীব্ৰ প্ৰস্তুতি চলাব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
উল্লেখ্য যে ইণ্ডোনেছিয়াত অলপতে অনুষ্ঠিত হোৱা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত স্বৰ্ণ পদক অৰ্জন কৰা মেৰীৰ (Mary Kom) খেলত ৫১ কেজিয়ে বিশেষ প্ৰভাৱ পেলাব পৰা নাই বুলিও কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here