‘আলফা‍’ৰ সৈতে যোগাযোগ ৰক্ষা কৰিছে একাংশ সন্মানীয় ব্যক্তিয়ে: গুৱাহাটীৰ আৰক্ষী আয়ুক্ত

0
Some intellectuals are in contact with ULFA: Guwahati Police Commissioner

যোৱা ১৫ মে’ত গুৱাহাটী চেণ্ট্ৰেল মলৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ন ন তথ্য উদঘাটন হোৱাৰ পাছত আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে এখন সংবাদমেলৰ জৰিয়তে আৰু কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে।

আজিৰ সংবাদমেলতে আৰক্ষী আয়ুক্তজনে আলফাৰ (ULFA) অ‍ভাৰ গ্ৰাউণ্ড ক্ৰিয়াকলাপ অসমত বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। সমাজৰ একাংশ সন্মানীয় ব্যক্তিয়ে আলফাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি আহিছে আৰু তেওঁলোকেই অ‍ভাৰ গ্ৰাউণ্ডত কাম কৰি থকা বুলি বিস্ফোৰক মন্তব্য কৰে শীৰ্ষ আৰক্ষী বিষয়া দীপক কুমাৰে।

ইয়াৰ উপৰি তেওঁ এই ঘটনাৰ তদন্ত সঠিক দিশত আগবঢ়া বুলি উল্লেখ কৰি ঘটনাৰ সৈতে যি ব্যক্তিয়ে জড়িত নাথাকক কিয় সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদমেলতে স্পষ্ট কৰি দিয়ে।

ইফালে আলফা(স্বাঃ)ই উক্ত গ্ৰণেড বিস্ফোৰণ সুৰক্ষা কৰ্মীৰ বিৰুদ্ধেহে আছিল বুলি দিয়া স্পষ্টীকৰণ সন্দৰ্ভত আৰক্ষী আয়ুক্ত কুমাৰে কয় যে বিস্ফোৰণটোত সুৰক্ষা কৰ্মীৰ বিপৰীতে বেছিকৈ সাধাৰণ জনতাহে আঘাতপ্ৰাপ্ত হৈছে। এই সন্দৰ্ভত তেওঁ কয়, ‍‘‍সুৰক্ষাকৰ্মীৰ বিৰুদ্ধে কৰা আক্ৰমণ মলৰ বাহিৰত কিয় কৰিছিল? গতিকে আলফাৰ কাম ৰাইজৰ বিপৰীতে গৈছে‍’।

উল্লেখযোগ্য যে যোৱা ১৫ মে’ অৰ্থাৎ বুধাবাৰে সংঘটিত গ্ৰেণেড বিস্ফোৰণত দুগৰাকী সুৰক্ষাকৰ্মীকে ধৰি মুঠ ১২জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। ইতিমধ্যে উক্ত বিস্ফোৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰো কৰিছে।

আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰা লোক কেইজন হৈছে প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, অমিত বল্লভ গোস্বামী, ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লহকৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here