আপাতত দৃষ্টিত কাঞ্চনজঙ্ঘা

0
Zubeen Garg Kanchanjangha A review by Adnan Ashraf
আদনান আশ্ৰফ
চিনেমা এটা শিল্প আৰু শিল্প কেতিয়াও ব্যৱসায় হ’ব নোৱাৰে। অৱশ্যে ব্যৱসায়িক শিল্পৰ উদাহৰণহে আজি-কালি বেছিকৈ দেখা যায়, যাৰ উদ্দেশ্য কেৱল মনোৰঞ্জন প্ৰদান। কিন্তু শিল্পৰ উদ্দেশ্য অকল মনোৰঞ্জন কেতিয়াও হ’ব নোৱাৰে; শিল্পই মানুহক চিন্তা কৰিবলৈ, যুক্তিৰ মাপকাঠিৰে নিজৰ চাৰিওকাষৰ বস্তু তথা ঘটনাসমূহ তুলনা কৰি চাবলৈ শিকায়। শিল্প যুগ যুগান্তৰৰ বাবে সমসাময়িক হৈ ৰয়।
২০১৭ৰ মিছন চাইনাৰ পিছত সদ্যমুক্তি প্ৰাপ্ত জুবিন গাৰ্গ পৰিচালিত, অভিনীত তথা প্ৰযোজিত ‘কাঞ্চনজঙ্ঘা’ও এখন অতিমাত্ৰা ব্যৱসায়িক ছবি। ব্যৱসায়িক ছবিৰ প্ৰধান উপাদান হ’ল সাময়িক মনোৰঞ্জন; যিটো পৰিচালক হিচাপে জুবিন জ্ঞাত বুলি ছবিখন আৰম্ভ হোৱাৰ ৭ মিনিটৰ ভিতৰতে থকা গানটোৰেই পৰিস্ফুট কৰিছে তেওঁ। যদিও মূল কাহিনীভাগ অবাস্তৱ যেন লাগে, তথাপি পৰিচালক জুবিনে দৰ্শকক ছবিৰ শেষৰ চিকুয়েন্সটোলৈকে ধৰি ৰাখিবলৈ বিভিন্ন ধৰণেৰে চেষ্টা কৰি সফল হৈছে।
সমাজ বা চিষ্টেম সলনি (শুদ্ধ) কৰিবলৈ হাতত অস্ত্ৰ লৈ এজন বিশেষ ব্যক্তিক হত্যা কৰাটো কি ধৰণৰ যুক্তি, কাহিনীৰ লেখক তথা পৰিচালক জুবিনে তাৰ উত্তৰ প্ৰদান কৰিব নোৱাৰিলে। চিষ্টেমযে কেৱল অস্ত্ৰৰেহে সলনি কৰিব পাৰি, সেই ধাৰণাক হে দৃঢ় কৰিছে কাহিনীভাগে। ছবিৰ ডাইলগবোৰ অৱশ্যে মনোগ্ৰাহী।
অভিনয়ৰ ক্ষেত্ৰত ত্ৰিদীপ লাহন আৰু পৱিত্ৰ ৰাভাইহে মাত্ৰ নিজৰ চৰিত্ৰটোক ধৰি ৰাখিব পাৰিছে। মুখ্য চৰিত্ৰত জুবিন সম্পূৰ্ণ বিফল; দৰ্শকে এক মুহূৰ্তৰ বাবেও নায়কজনৰ লগত নিজকে একাত্ম কৰিব নোৱাৰিব। নায়িকাৰ চৰিত্ৰত অভিনয় কৰা নৱাগতা পাঞ্চনাৰ অভিনয়ো বিশেষ লেখত ল’ব লগীয়া নহয়। অৱশ্যে অতনু ভূঞাই বিশেষ চৰিত্ৰটো সুন্দৰভাৱেই উপস্থাপন কৰিছে।
ছবিখনৰ মূল বৈশিষ্ট হৈছে তেজপুৰৰ মনোৰম লোকেশ্বনত লোৱা দৃশ্য আৰু সেইসমূহৰ সুন্দৰ সম্পাদনা। এইখিনিতে VXFৰ কথাও শলাগিব লাগিব।
মিছন চাইনাৰ দৰে কাঞ্চনজঙ্ঘাও এখন বাণিজ্যিক ছবি। জুবিন গাৰ্গে কেৱল নিজৰ জনপ্ৰিয়তাৰ বলতহে দৰ্শকক ছবিঘৰলৈ টানিবলৈ সক্ষম হৈছে। ছবিখনে অসমীয়া ছবিজগতত যে দীৰ্ঘম্যাদী কিবা প্ৰভাৱ পেলাব, তেনে মনে নধৰে।
DISCLAIMER: Views expressed above are the author’s own.

LEAVE A REPLY

Please enter your comment!
Please enter your name here